যদিও মই সৰুৰে পৰা অসমীয়া কাকত-আলোচনীত নিয়মীয়ালৈ লিখিছিলো, সম্পাদক এজনে সাহিত্যিক এজনৰ কেৰিয়াৰ আৰু চিন্তাত যে আমূল পৰিবৰ্তন আনিব পাৰে, আৰু এজন বৌদ্ধিক সংগী হৈ থিয় দিব পাৰে সেই কথা মই বহু পলমকৈহে শিকি উঠিছিলো ৷ যদি সাহিত্য জগত এখনৰ উত্তৰণ আমি বিচাৰো, ভাল সম্পাদকৰ নিতান্তই প্ৰয়োজন ৷ ভাল, দূৰলৈ চিন্তা কৰা সম্পাদক এজনে সাহিত্য জগত এখনক বহুদূৰ আগুৱাই নিব পাৰে আৰু ভাল সম্পাদকৰ বা প্ৰকাশক এজনৰ কদৰ কৰিব পৰা লেখকৰ সাহিত্যকৃতি কেৱল ভালৰ পৰা উত্তমহে হয় ৷ দ্বিতীয়তে, কিতাপ সম্পাদনা কৰাও যে এটা কলা, এটা বৌদ্ধিক প্ৰতাহ্বান থকা কাম আৰু তাৰ কাৰণে বহুত পঢ়া-শুনাৰ প্ৰয়োজন সেই বিষয়ে আমাৰ সাহিত্য উদ্যোগটোত নিচেই কম সজাগতা আছে ৷ এই ক্ষেত্ৰ বহু কম প্ৰকাশক গোষ্ঠী আৰু লেখকেহে উদ্যোগ লোৱা দেখা যায় ৷
কিন্তু সম্পাদকৰ কথা ক’বলৈ যোৱা আগতে, প্ৰকাশক আৰু সম্পাদকৰ মাজৰ পাৰ্থক্যটো বুজাই দিয়াটো জৰুৰী ৷ ইয়াত মই সম্পাদক শব্দটোৰ দ্বাৰা আৰ্হি কাকত চোৱা, ব্যাকৰণ শুদ্ধ কৰি দিয়া, বাক্যবোৰ পোনাই দি বাক্য শুৱলা কৰা, সম্পাদকৰ কথা কোৱা নাই; এইবোৰ কামৰ কাৰণে বেলেগ প্ৰতিভা আৰু কাৰিকৰী জ্ঞানৰ প্ৰয়োজন ৷ আৰ্হি কাকত চোৱা সম্পাদক সকলক “প্ৰুফ ৰীডাৰ” বুলি কোৱা হয় ৷ ব্যাকৰণ শুদ্ধ কৰি বাক্যবোৰ পোনাই চাফ-চিকুন কৰি দিয়া সম্পাদক সকলক “কপি-এডিটৰ” বুলি কোৱা হয় ৷ যিবোৰ সম্পাদকে লেখক সৃষ্টি কৰে, আৰু বিভিন্ন লেখকৰ পৰা পোনপতীয়াকৈ আৰু সাহিত্য-এজেন্টৰ (লেখকৰ প্ৰতিনিধি) পৰা কিতাপৰ স্বত্ব ক্ৰয় কৰে, সেইবোৰক “কমিছনিং এডিটৰ” বা “পাবলিচাৰ” বা “সম্পাদক” বুলি কোৱা হয় ৷ “সম্পাদক”-ৰ মাজতো -- বিশৈষকৈ পেংগুইন, হাৰ্পাৰ কলিনচৰ দৰে বিশাল অফিচবোৰত -- বিভিন্ন পদ থাকে : “কমিচনিং এডিটৰ”, “মেনেজিং এডিটৰ”, “এডিটৰ ইন চীফ” আৰু “প্ৰকাশক” বা “পাবলিচাৰ” ৷ “প্ৰকাশক” বা “পাবলিচাৰ”-ৰ পদ আটাইৰকৈ উচ্চ কিন্তু সকলো পাবলিচাৰৰ কাম হৈছে এটা প্ৰকাশন সন্থাই কি আৰু কেনেকুৱা কিতাপ প্ৰকাশ কৰিব সেই দিশটো চোৱা ৷ তাৰে মাজত কাৰোবাৰ দায়িত্ব কেৱল বাণিজ্যিক-ভাবে সফল সাহিত্যিকৰ পিছত দৌৰি সেইবোৰ প্ৰকাশ কৰা আৰু তাৰে মাজত কিছুমানৰ দায়িত্ব হৈছে কেৱল কলাত্মক সাহিত্য প্ৰকাশ কৰি প্ৰকাশনটোৰ ছবি সুধী সমাজৰ মাজত অটুট ৰখা ৷ একেবাৰে অৰ্থনৈতিক দিশটো চোৱাৰ দায়িত্ব চি ই অ’ বোৰৰ (Chief Executive Officer বা প্ৰধান নিৰ্বাহি কৰ্মকৰ্তা) ৷
কিন্তু আমাৰ অসমীয়া সাহিত্য জগতখন যিহেতো সৰু, আলোচনাৰ সহায় আৰু সকলোৰে বোধগম্য হ’বৰ বাবে মই সকলো বিভাগৰ সম্পাদকক ইয়াৰ পিছৰ পৰা মাথোঁ “সম্পাদক” বুলি আলোচনা কৰিম ৷ এই প্ৰবন্ধত “সম্পাদক” বুলি কঁওকে, মই কমিচনিং এডিটৰ, মেনেজিং এডিটৰ, কলাত্মক-সাহিত্য বিভাগৰ এডিটৰ, বাণিজ্যিক-সাহিত্য বিভাগৰ এডিটৰ, প্ৰকৃত-তথ্যভিত্তিক-সাহিত্য বিভাগৰ এডিটৰ (nonfiction editor), পাঠ্যপুথিৰ এডিটৰ, একাডেমিক লেখাৰ এডিটৰ, আদি সকলো ধৰণৰ কিতাপৰ লগত কাম কৰা ব্যক্তিক এই “সম্পাদক“ শব্দটোৰ আঁওতালৈ আনিছোঁ ৷ এইটো কৰিলে ভূলো হোৱা নাই কাৰণ সৰু প্ৰেচ (small press), স্বতন্ত্ৰ প্ৰেচ (Indie বা independent press যেনে দিল্লীৰ জুৱান), ক্ষুদ্ৰ প্ৰেচ (Micro Press), ইউনিভাৰচিটি প্ৰেচ ( যেনে অক্সফ’ৰ্ড ইউনিভাৰচিটি প্ৰেচ), আদিত এজন ব্যক্তিয়েই দশভূজ ৰূপ ধৰি সকলো কাম কৰে ৷ মই যেতিয়া জুবানৰ লগত মামনি ৰয়ছম গোস্বামীৰ উপন্যাসখন প্ৰকাশ কৰিছিলো, তেতিয়া সকলো পৰ্য়ায়ৰ সম্পাদনা প্ৰিতী গীলে কৰিছিল; আমাৰ বেলেগকৈ কোনো আৰ্হি কাকত চোৱা মানুহো নাছিল ৷ ঠিক তেনেদৰে, কিতাপ মুদ্ৰনকাৰী সকলক এই প্ৰবন্ধটোত আলোচনাৰ সহায় হ’বৰ বাবে “প্ৰকাশক” বুলি ক’ম : যাৰ মূল কাম হৈছে সন্থাটোৰ সম্পূৰ্ণ আৰ্থিক দিশটো চোৱা, মানুহবোৰক দৰমহা দিয়া, প্ৰেচৰ লগত কাগজৰ দৰ-দাম কৰা, ইত্যাদি ৷
সকলোতকৈ উচ্চ-পদত থকাজন সম্পাদক (পাবলিচাৰ বুলি কয়; কিন্তু মুদ্ৰনকাৰী নহয়) আৰু তেওঁৰ দায়িত্ব মথোঁ উচ্চ মানদণ্ডৰ সাহিত্য প্ৰকাশ কৰা - সেইয়া লাগিলে বাণিজ্যিকেও হওঁক বা কলাত্মকই হঁওক ৷ উদাহৰণ স্বৰূপে ১৯১৫ চনত এল্ফ্ৰেড এ ক্নফ আৰু ব্লান্চ ক্নফে স্থাপন কৰা প্ৰকাশন গোষ্ঠীৰ এসময়ৰ সম্পাদক আছিল ভাৰতৰ চনি মেহতা ৷ দিল্লীত জন্মগ্ৰহণ কৰা মেহতা আছিল এজন বিস্বৰে আগশাৰীৰ সম্পাদক ৷ নিউ য়ৰ্ক চহৰত ক্ণফ প্ৰকাশনটোৰ সম্পাদক হিচাপে নিজৰ কৰ্মকালত তেওঁ ছ-জনকৈ নবেল পুৰস্কাৰ লাভ কৰা সাহিত্যিক প্ৰকাশ কৰিছিল : ব্ৰিটেইনৰ কাজোও ইচিগুৰো, কানাডাৰ এলিচ মুনৰ’, তুৰস্কৰ অৰ্হান পামুক, হাংগাৰীৰ ইমৰে কৰ্টেজ, ভাৰতীয় মূলৰ ত্ৰিনিডাড আৰু টবাগ’ৰ লেখক (পাছলৈ লৈছিল ব্ৰিটিছ নাগৰিকত্ব) ভি এচ নাইপল, আৰু কিংবদন্তীসম মাৰ্কিন সাহিত্যিক টনি মৰিছল ৷ এওঁলোকৰ কিতাপ প্ৰায় নবীন হৈ থকাৰে পৰা চনি মেহতাই প্ৰকাশ কৰিছিল ৷ তাৰোপৰি তেওঁ প্ৰকাশ কৰিছিল অগণন পুলিটজাৰ আৰু বুকাৰ বটা পোৱা সাহিত্যিক ৷
সম্পাদনা কৰাৰ অৰ্থ কি? কেৱল ডাৰি-ক’মা-চেমিকলণটো নিশ্চয় চোৱা নাছিল চনি মেহতাই? সেই প্ৰতিভাশালী সাহিত্যকবোৰে বিশ্বাস কৰিছিল চনি মেহতাৰ মণ্ডব্য, বিশ্লেষণ আৰু উপদেশ তেওঁলোকৰ পান্ডুলিপিৰ ওপৰত ৷ অৰ্থাৎ যদি চনী মেহতাই কাজোৱো ইছিগুৰোক আকৌ লিখিবলৈ কয় কোনোবা এটা অধ্যায় আৰু সেই অনুৰোধটোৰ আঁৰৰ নান্দনিক আৰু বৌদ্ধিক কাৰণবোৰ বাখ্যা বিশদভাবে কৰি দিয়ে, ইচিগুৰোই শুনে, কাৰণ নিজৰ সম্পাদকৰ জ্ঞানৰ ওপৰত আছিল গভীৰ বিশ্বাস; সেই জ্ঞান আহে গভীৰ অধ্যয়নৰ পৰা বিশেষকৈ উপন্যাস-গল্প-কবিতা-প্ৰবন্ধ আদি গ্ৰন্থ লেখাৰ শৈলীৰ ওপৰত থকা নৈপুন্যৰ বাবে ৷ পেৰিচ ৰিভিউ নামৰ আলোচনীখনত টনি মৰিছনে বিশদভাবে আলোচনা কৰিছিল এটা সাক্ষাৎকাৰত তেওঁৰ মূল সম্পাদক ৰবাৰ্ট গটিলেবৰ কথা ৷
মই বহুতো লেখক-সম্পাদকৰ বৌদ্ধিক বন্ধুত্বৰ কথা পঢ়িছো আৰু সেইবোৰ পঢ়ি মই বুজি উঠিছোঁ যে যেনেদৰে এজন ভাল পৰিচালক ভাল অভিনেতা নহ’ব পাৰে, ভাল কস্টিউম ডিজাইনাৰ নহ’ব পাৰে, ভাল সিনেমাটোগ্রাফাৰো নহ’ব পাৰে, কিন্তু তেওঁ কলা-কুশলীৰ পৰা ভাল কাম আদায় কৰি ল’ব পাৰে ৷ ঠিক তেনেদৰে সম্পাদক এজন হয়তো উচ্চ মানদনণ্ডৰ সাহিত্যিক নহ’বৱো পাৰে আৰু যি নৈপুন্যত তেওঁৰ বুৎপত্তি আছে, সেই নৈপুন্য তেওঁ নিজৰ লেখাত তুলি ধৰাৰ ক্ষমতা নাথাকিবও পাৰে ৷ কিন্তু প্ৰতিভাধৰ সম্পাদক এজনৰ কেচীঁৰ দৰে হাতে এখন পান্ডুলিপিক এটাৰ স্তৰৰ পৰা আন এটা স্তৰলৈ লৈ যোৱাৰ যাদুকৰী ক্ষমতা আছে ৷
বহুতেই নাজানে যে ১৩০০ পৃষ্ঠাত শেষ হোৱা এ স্বুটেবল বয় নামৰ বিক্ৰম শেঠৰ উপন্যাসকখন ইংৰাজী ভাষাত প্ৰকাশিত আটাইতকৈ দীঘল উপন্যাস ৷ কিন্তু পেংগুইনৰ অফিচত যেতিয়া কিতাপখনৰ পাণ্ডুলিপি আহি পাইছিল সেইখন ১৩০০ মুদ্ৰিত পৃষ্ঠাতকৈয়ো দীঘল আছিল ৷ দহবছৰ ধৰি নিজৰ ঘৰৰ বেচমেন্টত সোমায় থাকি, স্টেনফ’ৰ্ড বিশ্ববিদ্যলয়ৰ ডক্টৰেট ডিগ্ৰী আধাতে এৰি আহি ৰচনা কৰা উপন্যাসকখন বিক্ৰম শেঠে কোনো কাটা-কুটা কৰিবলৈ মান্তি হোৱা নাছিল ৷ শুনা য়ায়, সেই কথা সৈমান নিয়াবলৈ পেংগুইনৰ সেই সময়ৰ সম্পাদকে (হয়তো ডেভিদ ডাভিদাৰ আছিল; সঠিককৈ ক’ব নোৱাৰিম) বিত্ৰম শেঠক দেহৰাদুন নে মানালীলৈ ফুৰাবলৈ লৈ গৈছিল আৰু তাত কেইবাদিন জুৰি দুয়ো বাক-বিতণ্ডাত অৱতীৰ্ণ হৈছিল কি কি অধ্যায় কাটিব সেই কথা লৈ আৰু কোনবোৰ দৃশ্য সোলোক-ধোলোকৰ পৰা আঁটিল কৰিব ৷ অবশেষত বিক্ৰম শেঠ মান্তি হৈছিল ৷ পেংগুইনে সেই পাণ্ডুলিপিৰ স্বত্ব ২,৫০,০০০ ব্ৰিটিছ পাউণ্ড দি ক্ৰয় কৰি লৈছিল; আজিৰ হিচাপতে সেইয়া দুই কোটি আৰু কেইবা লাখ টকা ৷ শেঠৰ ১৯৯৩-ত প্ৰকাশিত উপন্যাস মানুহে আজিয়ো পঢ়ে, আৰু সেইয়া সম্ভৱ হেৈছিল এজন ভাল উপন্যাসিক আৰু ভাল প্ৰকাশকৰ বৌদ্ধিক আৰু নান্দনিক আলোচনা আৰু বাক-বিতণ্ডাৰ ফলশ্ৰুতিত আৰু সেয়ে আমি পাইছোঁ ভাৰতীয়-ইংৰাজী সাহিত্যই নহয়, বিশ্ব সাহিত্যতে এক অমৰ সৃষ্টি ৷
কিন্তু অকল কলাত্মক সাহিত্যই এটা প্ৰকাশনে প্ৰকাশ কৰি থাকিলেতো চৌকা নজ্বলে? প্ৰকাশকৰো অধিকাৰ আছে হাঁহি হাঁহি বেংকলৈ যোৱাৰ আৰু ক্ষুদ্ৰ, সৰু নতুন প্ৰকাশকে সেই সপোন দেখাতো একেবাৰে ভূল নহয়; আচলচতে সেই সপোন দেখাহে উঠিতহে ৷ নবেল-পুলিটজাৰ বঁটা পোৱা সাহিত্যিকৰ লগত কাম কৰা চনী মেহতাই বিচাৰি বিচাৰি প্ৰকাশ কৰিছিল ভাল থ্ৰিলাৰ, ৰোমান্ছ আৰু হৰৰ উপন্যাস ৷ নিযুতৰ হিচাপত বিক্ৰি হোৱা হৰৰ উপন্যাসৰ ৰজা ষ্টিফেন কিং আছিল মেহতাৰ বহুদিনীয়া লেখক ৷ ঠিক তেনেদৰে মেহতাই চুইডেনৰ থ্ৰিলাবোৰ জনপ্ৰিয় হোৱা বহুবছৰ আগতেই মৃত স্টিগ লাৰচনৰ পত্নীৰ পৰা দ্য গাৰ্ল ৱিথ এ ড্ৰেগন টেটু উপন্যাসখন আৰু তাৰ পৰবৰ্তী দুইখন উপন্যাসৰ স্বত্ব কিনি তাৰ ইংৰাজী অনুবাদ মাৰ্কিন সাহিত্য ৰসিকৰ বাবে প্ৰকাশ কৰিছিল ৷
ভাল সম্পাদক এজনে বাণিজ্যকভাবে সফল সাহিত্য আৰু কলাত্মকভাবে দুঃসাহসিক সাহিত্য - দুয়োটা প্ৰকাশ কৰি সাহিত্য জগত এখন জীপাল আৰু গতিশীল কৰি ৰখাটো এটা নৈতিক, বৌদ্ধিক আৰু সামাজিক কৰ্তব্য ৷ কিতাপৰ বিক্ৰী হ’লেহে আমি কলাত্মক সাহিত্য লেখা লেখকসকলক পুৰ্ণদমে সহায় কৰিব পাৰিম ৷ কিন্তু অকল বিক্ৰীৰ পিছত দৌৰা প্ৰকাশক থাকিলে আমাৰ সাহিত্য জগতৰ কোনোদিন উন্নতি নহ’ব ৷ কিছুমান কিতাপ আছে, সেইবোৰক জ্ঞানী, কিতাপৰ বুৰণ্জী জনা প্ৰকাশকে এণডিউৰিং চেলাৰ (enduring seller) বুলি কয়; সাহিত্যিক ভাষাত তাক আমি কঁও কালজয়ী সাহিত্য ৷ এজন ভাল প্ৰকাশকে বাণিজ্যকভাবে সফল সাহিত্যৱো প্ৰকাশ কৰিব লাগিব, আৰু কলাত্মক ভাবে সফল সাহিত্যৱো প্ৰকাশ কৰিব লাগিব ৷ তাকে নকৰি বাণিজ্যিক সম্ভাৱনা থকা লেখকৰ পিছত দৌৰী থাকিলে উত্তৰসুৰী সকলৰ বাবে তেওঁলোকে এটা ক্ষয়িষ্ণু সাহিত্য জগত এৰি থৈ যাব আৰু বেছিসময় নালাগে -- সাম্প্ৰতীক সময়ৰ ইতিহাসেই তেওঁক, তেওঁ জীয়াই থাকোতেই সমালোচনা কৰিব ৷
কিছুমান দূৰদৰ্শী সম্পাদকৰ চিন্তা আৰু কৰ্মৰ ফলত একো একোখন সাহিত্য জগতৰ বৌদ্ধিক ধাৰাই সলনি হৈ পৰিব পাৰে ৷ তেনে স্বপ্নদ্ৰৰ্শী পৃথিৱী-বিখ্যাত সম্পাদকৰ নাম ল’বলৈ যাঁওতে টনি মৰিছনৰ কথা নোকোৱাকৈ নোৱাৰি ৷ মই নবেল বটা বিজয়ী সাহিত্যিক, আৰু প্ৰিন্সটন বিশ্ববিদ্যলয়ৰ ইংৰাজী আৰু সৃষ্টিশীল লেখনী বিভাগৰ পুলিটজাৰ বিজয়ী অধ্যাপক টনি মৰিছনৰ কথাই কৈছোঁ ৷ বহুতেই নাজানে যে টনি মৰিছন, উপন্যাসিক হোৱাৰ আগতে বহুতবছৰ ধৰি ৰেন্ডম হাউচ পাবলিচিং কম্পানীত সম্পাদক হিচাপে কৰ্মৰত আছিল ৷ প্ৰথমতে তেওঁ নিউ য়ৰ্ক ৰাজ্যৰ চিৰাকিউজ চহৰত সেই একেই প্ৰকাশনৰ পাঠ্যপুথিৰ বিভাগটোত কাম কৰিছিল আৰু পাছলৈ নিউ য়ৰ্ক চহৰলৈ একেই প্ৰকাশনৰ সাহিত্যৰ বিভাগটো চাবলৈ আহিছিল ৷ নিউ য়ৰ্ক চহৰ সাহিত্যৰ চহৰ ৷ লেখকৰ চহৰ ৷ পৃথিৱীৰ সকলো লেখত ল’বলগীয়া সাহিত্যালোচনী আৰু প্ৰকাশন ইয়াত আছে ৷ পৃথিৱীৰ সকলো সাহিত্য-এজেন্টৰ নিউ য়ৰ্ক আৰু বষ্টনত কাৰ্যালয় ৷ ইয়ালৈ আহি মৰিছনে সম্পাদক হিচাপে যিবোৰ সাহিত্যিকৰ লেখা প্ৰকাশ কৰিছিল, সেই কিতাপবোৰে মাৰ্কিন সাহিত্যৰ ধাৰাই চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল ৷ আজি মোৰ কিতাপ মাৰ্কিন প্ৰকাশকে টনি মৰিছনে চহাই যোৱা এহালিচা মাটিত প্ৰোথিত হৈছে ৷ ঝুম্পা লাহিড়ী, ভাৰতী মুখাৰ্জী, চিত্ৰা বেনাৰ্জী, অমিভাভ ঘোষ, চলমান ৰুস্দীৰ দৰে উপন্যাসিকৰ কেৰিয়াৰ আশীৰ দশকত টনি মৰিছনে আন্তৰ্জাতিক সাহিত্যিকৰ কাৰণে ৰেন্ডম হাউচৰ দৰে মূলসূঁতিৰ প্ৰকাশন গোষ্ঠী এটাই বাট মুকলি কৰি দিয়াৰ বাবে শ্বেতাংগ লেখকে দপদপাই থকা সাহিত্য জগত এখনত সম্ভৱ হৈছিল ৷ বহুতো কিতাপ মৰিছনে প্ৰকাশ কৰিয়েই ক্ষান্ত নাথাকি তাৰ ওপৰত গভীৰ বিশ্লেষণ কৰি নিউ য়ৰ্ক ৰিভিউ অৱ বুকচ আলোচনীৰ পাতত বিস্তৃত প্ৰবন্ধ লিখিছিল : যেনে, গিনাৰ ফ্ৰেংকোফোন উপন্যাসিক কামাৰা লায়িৰ এন আফ্ৰিকান চাইল্ড, যিখন আজি আফ্ৰিকান সাহিত্যৰ অপৰিহাৰ্য কিতাপ হিচাপে পৰিগণিত ৷ নিজে সম্পাদনা কৰা কিতাপৰ বিষয়ে প্ৰবন্ধ লিখাটো কিছু আচহুৱা হ’ব পাৰে, কিন্তু মাৰ্কিন সাহিত্য জগতে মৰিছনৰ বক্তব্য অতি গুৰুত্বসহকাৰে সদায় গ্ৰহণ কৰিছিল কাৰণ তেওঁৰ নিয়মীয়াকৈ আগশাৰীৰ কাকত আলোচনীত সাহিত্য বিষয়ক ক্ষুৰধাৰ প্ৰবন্ধ লিখি সকলোৰে সন্মান বহু আগতেই জিনি থৈছিল ৷
টনি মৰিছনৰ সম্পাদক হিচাপে বিশ্ব সাহিত্যত যি অবদান, তাৰ ওপৰাত নানান মানুহে আজি গৱেষণা কৰি ড্ক্টৰেট ডিগ্ৰী লৈছে ৷ হ’ৱাৰ্ড বিশ্ববিদ্যলয়ৰ আফ্ৰিকান-আমেৰিকান সাহিত্যৰ অধ্যাপক ডানা ৱিলিৱামচে “টনি এট ৰেণ্ডম“ বুলি বৰ্তমান কিতাপ এখনেই লিখি আছে ৷ তাত প্ৰফেচৰ ৱিলিয়ামচে গৱেষণা কৰিছে মৰিছনে কেনেদৰে আফ্ৰিকান-আমেৰিকান লেখকৰ কিতাপবোৰ সম্পাদনা কৰিছিল, কি কি চিঠি আৰু সম্পাদকৰ মেম’ পঠাইছিল আৰু কিছুমান আধুনিক ক্লাচিক হিচাপে পৰিগণিত কিতাপ মৰিছনৰ পৰামৰ্শৰ ফলত কেনেদৰে উত্তৰণ ঘটিছল এটা খচৰাৰ পৰা আনটো খচৰালৈ ৷ আজি ইংৰাজী সাহিত্যৰ এনে কোনো বিভাগ নাই য’ত আফ্ৰিকান-আমেৰিকান সাহিত্যৰ ওপৰত কেইবাখনো পেপাৰ নাই ৷ স্নাতক, স্নাতকোত্তৰ, ডক্টৰেট, সকলোতে আফ্ৰিকান-আমেৰিকান সাহিত্যৰ বিশেষ পেপাৰ আছে ৷ আনবোৰ পেপাৰো -- ধৰা হ’ল আধুনিক মাৰ্কিন সাহিত্য বা বিংশ শতিকাৰ মাৰ্কিন কবিতা -- আফ্ৰিকান-আমেৰিকান লেখকৰ অবিহনে অসম্পূৰ্ণ বুলি ধাৰণা কৰা হয় ৷ আফ্ৰিকান-আমেৰিকান সাহিত্যৰ ওপৰত ডক্টৰেট ডিগ্ৰি লাভ কৰা আশীৰ দশকৰ অধ্যাপকৰ লগত কথা পাতিলে গম পোৱা যায়, সাহিত্যৰ স্থিতাবস্থা-টোৱে আফ্ৰিকান-আমেৰিকান সাহিত্যক বৰ ভাল চকুৰে চোৱা নাছিল, আৰু নৃতত্বৰ, সমাজ-বিজ্ঞান আৰু বুৰন্জীৰ বিভাগ সমূহতহে সেই লেখকবোৰ পঢ়াইছিল ৷ অৰ্থাৎ আফ্ৰিকান-আমেৰিকান মানুহে লিখা সাহিত্যকৃতি কলা নহয়, নৃতাত্বিক আৰু বুৰণ্জীৰ দৃষ্টিৰ পৰাহে গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছিল যেনেদৰে আজিৱো অসমৰ ইংৰাজী সাহিত্যিক সকলক মাথোঁ উত্তৰ-পূৰ্বাণ্ছলৰ সাহিত্যৰ পেপাৰতহে পঢ়ায়, ইংৰাজী সাহিত্যৰ বা ভাৰতীয়-ইংৰাজী সাহিত্যৰ কোৰ্চত পঢ়োৱা দেখা নাযায় ৷ অসমীয়া সাহিত্যত জনজাতীয় সাহিত্যিকৰ অবদানৰ ওপৰত বহুতো গৱেষণা হৈছে, কিন্তু বিভাগ সমূহত বিশৈষকৈ কোনো পেপাৰ আছে নে নাই সেই কথা নাজানো ৷ নাই যদি থকা উচিত ৷ আধুনিক অসমীয়া সাহিত্যতো মৌন ওঁঠ মুখৰ হৃদয় থকা উচিত, আৰু বিংশ শতিকাৰ অসমীয়া উপন্যাস নামৰ কোৰ্চতো থকা উচিত ৰংমিলিৰ হাঁহি ৷
ৰেণ্ডম হাউচত সম্পাদক হিচাপে কাম কৰি থাকোঁতে নানান লেখকৰ গল্প, কবিতা, প্ৰবন্ধ আৰু আত্মকথাকে আদি কৰি সকলোধৰণৰ কিতাপ টনি মৰিছনে প্ৰকাশ কৰিছিল ৷ কিন্তু তেওঁ তাত কাম কৰি থকাৰ সময়ছোৱাত প্ৰায় ৫০ জনৰো অধিক আফ্ৰিকান-আমেৰিকান সাহিত্যিকৰ দ্বাৰা লিখা কিতাপ তেওঁ প্ৰকাশ কৰিছিল ৷ আমেৰিকাৰ সকলো প্ৰতিষ্ঠানতে বৰ্ণবাদ আৰু সেই সময়ত খু্উব কম আফ্ৰিকান-আমেৰিকান লেখকক ৰেন্ডম হাউচৰ দৰে মূলসূঁতিৰ প্ৰকাশক সকলে জপনা খুলি ভিতৰলৈ আনি ঘৰৰ মাজ-মজিয়াত ঠাই দিছিল কিন্তু কৰ্ণেল বিশ্ববিদ্যলয়ত পঢ়ি অহা আৰু ভাৰ্জনিয়া ৱুল্ফ আৰু ৱিলিয়াম ফ’কনাৰৰ ওপৰত গৱেষণা কৰি থিসিস লিখা বিদুষী মৰিছনে ঠাঁৱৰ কৰিছিল তেওঁলোকৰ মাজত থকা সাহিত্যিক মূল্য ৷ আজি আমি যিবোৰ সহিত্যিকৰ নাম নল’লে মাৰ্কিন সাহিত্যৰ বুৰণ্জী আধৰুৱা হৈ ৰ’ব সেই সকলোবোৰ নাম মৰিছনে প্ৰকাশ কৰিছিল ৷ লেখক তেওঁ সৃষ্টিয়ো কৰিছিল ৷ তাৰে ভিতৰত অন্যতম আছিল সাতবাৰ অলিম্পকত সোণৰ পদক জিনি অ’না খেলুৱৈ মহম্মদ আলী ৷ তেওঁৰ আত্মকথাখন মৰিছনে অতি আগ্ৰহেৰে সম্পাদনা কৰি উলিয়ায় প্ৰকাশ কৰিছিল ১৯৭৫ চনত৷ কিন্তু নৰ্থৱেস্টাৰ্ণ বিশ্ববিদ্যলয়ত ওৰে জীৱন অধ্যাপনা কৰা মাৰ্কিন উপন্যাসিক লিয়ন ফৰেস্টক যদিও ২০১৩ চনতহে চিকাগ’ হল অৱ ফেমত সন্মান জনোৱা হৈছিল মৃত্যুৰ প্ৰায় এটা দশকৰ পাছত, মৰিছনে তেওঁৰ লেখা ৭০ৰ দশকতেই প্ৰকাশ কৰিছিল ৷ ঠিক তেনেদৰে, আফ্ৰিকান-আমেৰিকান উপন্যাসিক গেইল জনচ, নাৰীবাদী আফ্ৰিকান-আমেৰিকান সাহিত্যিক টনি কেড বাম্বাৰা আৰু অনেক লেখকে মৰিছনৰ তাগিদাত ৰেণ্ডম হাউচৰ বাবে কিতাপ লিখিছিল ৷ মৰিছনে সেই লেখকবোৰৰ লগত প্ৰতিখন কিতাপৰ কেইবাটাৱো খচৰা সম্পাদনা কৰিছিল ৷ কোনোবা এটা অধ্যায় পচন্ড নহ’লে মৰিছনে তেওঁলোকক আকৌ লিখিবলৈ বাধ্য কৰিছিল ৷ কোনোবা এটা চৰিত্ৰ যদি ভালদৰে বিকশিক হোৱা নাছিল, মৰিছলে কৈছিল অস্ত্ৰোপচাৰ কৰি কিতাপখনৰ পৰা উলিয়াই দিয়া, নাইবা, বিকশিত কৰা ৷
এবাৰ মৰিছনক এটা অনুষ্ঠানত সোধা হৈছিল : সম্পাদক হিচাপে ইমান বছৰ কাম কৰাৰ পাছত তেওঁ কি শিকিলে আৰু সেই শিকনি উপন্যাসিক মৰিছনে নিজৰ লেখক জীৱনত কেনেদৰে প্ৰয়োগ কৰিছিল? তেতিয়া তেওঁ কৈছিল, কিতাপ এখন লিখি হোৱাৰ পাছত, তেওঁ পোনপ্ৰথমে আটাইতকৈ ভালপোৱা, প্ৰিয়, সুন্দৰ যেন লগা দফাবোৰ পঢ়ে, আৰু পাণ্ডুলিপিৰ পৰা সেই পৃষ্ঠাবোৰ উলিয়ায় দিয়ে ৷ কাৰণ, তেওঁৰ মতে, যিবোৰ নিজে লিখা বাক্য লেখকে ভাল পায়, প্ৰেমত পৰে, সেইবোৰেই “অ’ভাৰিটেন“ বা বাহুল্যময় বা পেনপেনীয়া ৷ কম কথাত বেছি ক’ব পৰাটোৱেই ভাল সাহিত্যৰ লক্ষণ আৰু যদি এটা দফা পঢ়ি লেখকজনৰ এনে লাগে যে তেওঁ বেছ ভাল গদ্য আজি লিখি অঁতালে, তেনেহ’লে, তাত নিশ্চয় কিবা গোলমাল আছে : সেই লেখা আজি ভাল লাগিব পাৰে (ফেচবুকৰ লাইক-প্ৰাপ্ত হ’ব পাৰে) কিন্তু সেই লেখা পনীয়া ৷
মৃত্যুৰ আগমুহুৰ্তলৈকে মৰিছনে হেনো নিউ য়ৰ্ক টাইমচ কাকতখন এটা ৰঙা কলম লৈ পঢ়িছিল আৰু পঢ়ি যাওঁতে বাক্যবোৰ শুদ্ধ আৰু শুৱলা কৰি গৈছিল ৷ তেওঁৰ লগত কাম কৰা লেখক সকলক মৰিছনে সহজতে এৰি দিয়া নাছিল ৷ এজন ভাল চিত্ৰ পৰিচালকে যেনেদৰে বাৰে বাৰে শ্বটটো লৈ এজন অভিনেতাৰ পৰা আটাইতকৈ ভাল অভিনয় উলিয়ায় ল’ব জানে, ঠিক তেনেদৰে মৰিছনৰ দৰে এগৰাকী ভাল সম্পাদকে জানিছিল এজন লেখকক সৃষ্টিশীল আৰু বৌদ্ধিক-ভাবে প্ৰত্যাহ্বান জনায় আটাইতকৈ ভাল কামটো আদায় কেনেকৈ কৰিব পাৰি ৷ কিন্তু সেই মৰিছনৰো আছিল এজন সম্পাদক ! আৰু আজীৱন কাম কৰা সম্পাদকজনৰ লগত সৃষ্টিশীলতা লৈ মনোমালিন্যৱো হৈছিল ৷ নিজেই যিহেতো সম্পাদনা কৰিছিল, এজন ভাল, দক্ষ, সাহিত্যৰ জ্ঞান থকা সম্পাদক এজনক মৰিছনে গভীৰভাৱে সন্মান কৰিছিল আৰু বাৰে বাৰে পলিচ কৰিছিল তেওঁৰ লগত আলোচনা কৰি নিজৰ পাণ্ডুলিপিবোৰ প্ৰকাশলৈ পঠোৱাৰ আগতে ৷ উপন্যাসৰ চৰিত্ৰবোৰ সকলো পাঠকৰ সন্মুখত যেতিয়ালৈকে জাঁপ মাৰি ওলাব যেন বোধ নহয়, তেতিয়ালৈকে মৰিছনে নিজৰ লেখাবোৰ লিখিছিল, পুনৰ লিখিছিল, আকও লিখিছিল ৷ সম্পাদক হৈ থাকোঁতে বাৰে বে তেওঁৰ সৈতে কাম কৰা লেখকবোৰক পুনঃলিখন কৰিবলৈ বাধ্য কৰিছিল ৷ মাৰ্কিন সাহিত্য আৰু বিশ্ব সাহিত্যৰ ওপৰত থকা অগাধ জ্ঞান থকা মৰিছনক সকলোৱে সন্মান কৰিছিল ৷ তেওঁৰ মৰমৰ দাবী আৰু নিৰ্দেশ মতে যিবোৰ লেখকে মৰিছনৰ সৈতে কাম কৰিছিল, তেওঁলোকে আজিৱো সোঁৱৰে মৰিছনে কেনেদৰে তেওঁলোকক বাৰে বাৰে পৰামৰ্শ দি লিখিবলৈ বাধ্য কৰিছিল ৷ সেই পৰামৰ্শ দিব পৰাটোৱো এটা কলা ৷
মৰিছনে যদি সত্তৰ আৰু আশীৰ দশকত মাৰ্কিন সাহিত্য জগতলৈ নতুনত্ব আনিছিল, তাৰ আগতেওঁ আছিল বাৰ্ণি ৰজেটৰ দৰে কিংবদন্তীসম ব্যক্তি ৷ ১৯৫১ চনত গ্ৰ’ভ প্ৰেচ স্থাপন কৰি তেৱোঁ প্ৰকাশ কৰিছিল কেইবাজনো নবেল বটা বিজয়ী সাহিত্যিক নবেল বঁটা পোৱাৰ বহু আগতেই ৷ সেই সময়ত সেই কেইজন সাহিত্যিকে ইউৰোপতহে কিছু কিছু নাম কৰিছিল কিন্তু পেৰিচ আৰু বাৰ্লিনৰ সাহিত্য জগতৰ প্ৰতি চোকা দৃষ্টি ৰখা ৰজেটৰ চকুৰ পৰা সেই নামবোৰ সাঁৰি যোৱা নাছিল ৷ সেই সময়ত ইন্টাৰনেটৰ অবিহনে কেনেদৰে সেই লেখকবোৰৰ কাম তেঁও প্ৰকাশ কৰিছিল সেই কথা ৰজেটে নিজৰ আত্মকথাত বিশদভাবে লিখি গৈছে মাই লাইফ ইন পাবলিচিং : হাও আই ফ’ট সেনসৰস্বিপ নামৰ কিতাপখনত ৷ মাৰ্কিন যুক্ৰৰাষ্ট্ৰত যেতিয়া সুধী সমাজনো মানুহে অযৌক্তিক সাহিত্যৰ (Literature of the Absurd) কথা পাতিবলৈ আৰম্ভ কৰাই নাই, তেতিয়াই ৰজেটয়ে চেমুৱেল বেকেটৰ কথা শুনি পম খেদি গৈ তেওঁৰ লেখা প্ৰকাশ কৰিছিল ৷ ঠিক তেনেদৰে আন্তৰাস্ট্ৰীয় সাহিত্য জগতত জনাজাত হোৱা বহু আগতেই গ্ৰুভ প্ৰেচে পাবলো নেৰুডা, অক্টাভিয়ো পাজ, জাপানৰ কেন্জাবোৰো অয়ে, আৰু ব্ৰিটেইনৰ নাট্যকাৰ হেৰল্ড পিন্টাৰৰ লেখাও প্ৰকাশ কৰিছিল; এটা সময়ত এই সকলোবোৰ লেখকে নবেল প্ৰাইজ লাভ কৰিছিল ৷ জুহুৰীয়ে যেনেদৰে হীৰা চিনি পাইছিল, ৰজেটে তেনেদৰে চিনি পাইছিল হীৰাসম সাহিত্য ৷
কিন্তু আমেৰিকাৰ সাহিত্যৰসিকৰ মাজৰ ৰজেটৰ কথা আন এটা কাৰণতো আমি মনত ৰাখো ৷ বহুতে ধেমালীকৈ ক’ব বিচাৰে যে আমি দৈনন্দিন জীৱন বিৰক্ত হ’লে বা খং কৰিলে “ফাক“ (fuck) শব্টটো ক’ব পৰাৰ মূলতেই হ’ল বাৰ্নিৰ অৱদান ৷ অতি উচ্চ কলাত্মক সাহিত্য প্ৰকাশৰ উপৰিৱো ৰজেটে গোটেই জীৱন যুঁজিছিল মাৰ্কিন চৰকাৰৰ সৈতে আন এখন যু্দ্ধ : চৰকাৰে অশ্লীল বুলি ভবা সাহিত্য প্ৰকাশ কৰাৰ অধুিকাৰৰ যুদ্ধখন ৷ ব্ৰিটিছ সাহিত্যিক ডি এই লৰেন্সৰ লেডী চেটাৰ্লীজ লাভাৰ উপন্যাসখন ব্ৰিটেইনতেই প্ৰকাশ হ’ব দিয়া নাছিল চৰকাৰে ১৯৬০ চনলৈকে যদিও সেইখন ইটালীত পোনপ্ৰথমবাৰৰ বাবে ১৯২৮ চনত প্ৰকাশ পাইছিল ইটালীয়ান ভাষাত আৰু তেনেদৰে ১৯২৯ চনত ইংৰাজীত প্ৰকাশ পোৱাৰ ৩০ বছৰ আগতেই ফ্ৰাণ্সত প্ৰকাশ পাইছিল ৷ ১৯৫৯ চনত মাৰ্কিন সংস্কৰণটো প্ৰকাশ হোৱাৰ লগে লগে যুক্তৰাস্ট্ৰত হাহাকাৰ লাগি পৰিছিল সেই বিতৰ্কিত “যৌনগন্ধী” বুলি আপত্তি দৰ্শোৱা উপন্যাসখন লৈ ৷ ৰজেট অকনো পিছ নুহুকাকৈ কৰ্টত যুঁজ দিছিল চৰকাৰৰ বিৰূদ্ধে আৰু অবশেষত তেওঁ সেই কেছ জিকিছিল ৷ ঠিক তেনেদৰে আন কেইবাখনো বিতৰ্কিত কিতাপৰ স্বত্ব ক্ৰয় কৰি তেওঁ যুক্তৰাস্ট্ৰত প্ৰকাশ কৰিছিল ৷
আজি আমি সকলোৱে জানো, সেই কিতাপবোৰ বিংশ শতিকাৰ ক্লাচিক ৷ কিন্তু ইমান অৰ্থ খৰচ কৰি তেওঁ কিয় সেই কিতাপবোৰ প্ৰকাশ কৰিব বিচাৰিছিল? কেৱল টকাৰ লোভতেই নে? তাৰ কাৰণ কেইবাটাও ৷ এটা হৈছে গনতান্ত্ৰিক প্ৰমূল্যৰ ৰক্ষা ৷ চৰকাৰ আমাৰ পিতৃ বা মাতৃ নহয় যে আমি কি পঢ়িম সেই কথা সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে ৷ চৰকাৰে আমাৰ কাৰণেহে কাম কৰে, আমি চৰকাৰৰ কাৰণে কাম নকৰো ৷ দুই নম্বৰ কথা হৈছে বাক স্বাধীনতা ৷ কোনোবাই যদি কোনো কিতাপ এখন অশ্লীল বুলি ভাবিছে, নপঢ়িলেই হ’ল বা তাৰ বিৰুদ্ধে সজাগতা আনিব পাৰে কিন্তু নিষিদ্ধ ঘোষনা কৰি আন মানুহক সেই কিতাপখন পঢ়াৰ পৰা বন্ছিত কৰাৰ কোনো অধিকাৰ নাই ৷ তৃতিয় কথাটো হৈছে নান্দনিক : কাম-কাহিনী (ইৰ’টিকা) আৰু পৰ্ণগ্ৰাফীৰ ধাৰণটো পিছল; সময়ে সময়ে সেইয়া সলনি হৈ থাকে ৷ যৌনতা আৰু নগ্না কলাত্মকভাৱেও লিখিব পাৰি ৷ মাইকেল এন্জেল’ৰ ডেভিডৰ মূত্তি হৈছে এটা সম্পূৰ্ণ নগ্ন পুৰুষৰ দেহা ৷ সেইটো এটা ইমানেই জীৱন্ত যে কলাত্মভাৱে নগ্নতা নেদেখা মানুহৰ কাৰণে হয়তো অসস্বতিকৰ ৷ কিন্তু সেইয়া জানো ইতস্তত অনুভৱ কৰা ব্যক্তিজনৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰিধি সীমাবদ্ধ হোৱাৰ বাবে নহয়? সেইবোৰ কথা ৰজেটে জনমানসত ক’ব বিচাৰিছিল ৷
২০২৩ চনত প্ৰকাশ পোৱা মোৰ প্ৰথম উপন্যাস হাউচ ৱিথ এ থাউজেণ্ড ষ্টৰিজ-এ মোক বহুতো দিছে আৰু মোৰ সৌভাগ্য মই পেংগুইনৰ নিচিনা এটা ডাঙৰ প্ৰতিষ্ঠানৰ সৈতে মোৰ প্ৰথম উপন্যাসতে কাম কৰিবলৈ সুবিধা পাইছিলো ৷ উপ্যাসখনত ন-টা অধ্যায় আছে আৰু তাৰে পাঁচটা অধ্যয় মোৰ সম্পাদকজনে পুনৰলিখন কৰিবলৈ পৰামৰ্শ দিছিল ৷ উপন্যাসখনৰ কাহিনীত বাধা নপৰাকৈ কিতাপখন কেনেদৰে আটিঁল কৰিব পাৰি, আৰু অনাব্যশকীয়া দৃশ্যসমূহ কেনেদৰে বাদ দিয়া সম্ভৱ সেই কথা আমি বহুত আলোচনা কৰিছিলো ৷ আমাৰ লক্ষ আছিল, উপন্যাসখন ভাল হ’ব লাগে ৷ সম্পাদকজনে কেনেকৈ আকৌ লিখিম মোক কোৱা নাছিল ৷ মাথোঁ দীঘলকৈ এটা সম্পাদকীয় মেম’ লিখি মোক বুজায় দিছিল কোনবোৰ দৃশ্য, সংলাপ, আৰু উপ-কাহিনী দুৰ্বল ৷ কৈছিল, সেইবোৰ কেনেকৈ সবল আৰু জীপাল আৰু ৰসাল কৰিম, সেইয়া মোৰ ওপৰত ৷ তেওঁৰ কাম আছিল মাত্ৰ আঙুলীয়ায় দিয়াহে ৷ কিতাপখন তোমাৰ, তোমাৰ চৰিত্ৰ, তোমাৰ কাহিনী, তোমাৰ সিদ্ধান্ত, সেই কথা মোক বাৰে বাৰে কৈছিল ৷ মোৰ আজিও মনত পৰে সেই প্ৰথম খচৰাত আছিল তিনিজনীকৈ জেঠাইৰ চৰিত্ৰ ৷ অসমীয়া গাঁৱ এখনত অসমীয়া বিয়াৰ প্লট, তিনিজনী কিয় সাতজনী জেঠাই আহিলেও বিস্বাসযোগ্য ৷ তিনিজনী দন্দুৰী আৰু কাঢ়া জেঠাইৰ দলদোপ-হেন্দোলোপত বিয়াখনটো নিশ্চয় জমি উঠিছিল, কিন্তু মোৰ কাহিনীটো আৰু মূল বক্তব্য জঁয় পৰিছিল ৷
মোৰ সম্পাদক জনৰ দীঘল ইমেইল পঢ়ি পতিয়ন গৈছিলো যে এইটো এটা সমস্যা ৷ এতিয়া ২০২৩ ময়ো ক্ৰিয়েটিভ ৰাইটিং অৰ্থাৎ সৃষ্টিশীল লেখনী পঢ়াও ৷ মোৰ লগত দেশী-বিদেশী লেখকে মোৰ তত্বাবধানত উপন্যাস বা গল্প সংকলন লিখে আৰু আমি দীঘলীয়া আলোচনা কৰো সেই অপ্ৰকাশিত কিতাপবোৰ পিছৰ খচৰাটো কেনেদৰে আৰু ভাল কৰিব পাৰি ৷ একেধৰণেৰে চাবলৈ গ’লে, মই অহা দশকটোৰ মাৰ্কিন সাহিত্যত কি কি প্ৰকাশ হ’ব সেই কথা নিৰ্ধাৰণ কৰিছোঁ ৷ সেইয়া মোৰ ভাবে গুৰু দায়িত্ব আৰু আনন্দৰ কথা ৷ আজি মই জানো, বহুত চৰিত্ৰই এটা গল্প বা উপন্যাসত ভীৰ কৰিলে কি ধৰনে চোৱা উচিত ৷ কিন্তু তেতিয়া যদিয়ো মোৰ সম্পাদকজনৰ কথাত বৌদ্ধিকভাবে পতিয়ন যাবলৈ মোৰ কোনো কাৰণ নাছিল, কিন্তু ষষ্ঠ ইন্দ্ৰিয়ই কৈছিল, তেওঁৰ কথা সঁচা ৷ মোৰ মনে কৈছিল তিনিজনী জেঠাইৰ হেমগেমে কাহিনীটোৰ নান্দনিক দিশটো কিছু পৰিমানে হানি কৰিছিল ৷ হয়, এখন অসমীয়া বিয়াত সাতজনী আঠজনী জেঠাই মামী, পেহী, আদি থাকে ৷ কিন্তু তাৰত অৰ্থ এইটো নহয় যে মই ক’ম এইয়া বাস্তৱ আৰু সেয়ে মই উপন্যাসতো তেনেদৰেই লিখিম ৷ সেই কথাৰ আঁৰত যদি থিয় হৈ মই বন্দুক চলাব লগা অবস্থা হয় তেনেহ’লে মই এজন বিফল উপন্যাসিক কাৰণ উপন্যাস বাস্তৱ নহয়, বাস্তৱৰ এটা নাটকীয় ৰূপহে ৷ উপন্যাস এখন বাস্তবৰ হুবহু ছবি কেতিয়াও নহয় ৷ বাস্তৱক নাটকীয় ভাৱে উপস্থাপন কৰিব পৰাতহে উপন্যাসিকৰ কৃত্তিত্ব ৷
এনে এটা বৌদ্ধিক পৰিবেশৰ সৃষ্টি কৰিবলৈ সময় লাহিব ৷ ভাল সম্পাদক যদি প্ৰকাশনে ৰাখিব বিচাৰে, ভাল দৰমহা দি ৰাখিব লাগিব ৷ ভাল দৰমহা দিবলৈ হ’লে এটা সুস্থ উদ্যোগ লাগিব ৷ এটা সুস্থ উদ্যোগৰ গঢ়িবলৈ ভাল, উচ্চ মানদন্ডৰ বাণিজ্যিক আৰু কলাত্মক সাহিত্য প্ৰকাশ কৰিব লাগিব আৰু লেখকৰ পৰা টকা লৈ কিতাপ প্ৰকাশ কৰা বন্ধ কৰি অসমৰ চুকে-কোনে গৈ ভাল লেখক বিচাৰি আনি, ভাল আগধন দি সেই লেখা গঢ়িব-পিতিব লাগিব ৷ তেতিয়া মাত্ৰ দুখনমান ভাল বাণিজ্যিকভাৱে সফল কিতাপ প্ৰকাশ কৰিলেই কেইবাছৰ ধৰি চৌকা জ্বলিব আৰু অলপকৈ-অলপলৈ কিতাপ প্ৰকাশ কৰি বহুত সংস্কৰণ হল বুলি হুলস্থুল কৰি থকাতকৈ এটা সংস্কৰণত পাঁচ-হেজাৰ কিতাপ প্ৰকাশ কৰিবলৈ সাহস কৰিব পাৰিব ৷